শোণিতপুৰ জিলা সাংবাদিক সন্হাৰ সাধাৰণ সম্পাদক তথা আজি, আজিৰ অসম, শঙ্কৰজ্যোতি আদি কাকতৰ উত্তৰ পাৰৰ সাংবাদিক ভূৱন শইকীয়াৰ লগত ''লাইভ গহপুৰ''ৰ এক সাক্ষাত্কাৰ___ *আপোনাৰ জন্ম দিন ? => ২৬ জানুৱাৰী ১৯৭৬। *আপোনাৰ পিতৃ-মাতৃৰ পৰিচয়? =>মোৰ দেউতা কমলেশ্বৰ শইকীয়া এগৰাকী ভাল কৃষক আৰু মা ডালিমী শইকীয়া গৃহিনী। ঘৰ-টঙনা গাওঁ। *আপোনাৰ সফলতাৰ পথত মা-দেউতাৰ অৱদান? =>প্ৰত্যেক সন্তানৰ দৰে মোৰ সফলতাৰ আঁৰত বা পথত মা-দেউতাৰ অৱদান অনস্বীকার্য্য। অৱশ্যে এতিয়ালৈকে মই নিজকে এজন সম্পূর্ণ সফল ব্যক্তি বুলি নাভাবো। *সাংবাদিকতাৰ দৰে এটা বৃত্তি গ্ৰহণ কৰাৰ কাৰণ ? =>সচাঁ কথা কব গ'লে সাংবাদিক হ'ম বুলি মই কেতিয়াও ভবা নাছিলো। ২০০০চনৰ ১৭ আগষ্টত বর্তমানৰ 'অসমীয়া প্ৰতিদিন' কাকতৰ জ্যেষ্ঠ সাংবাদিক তথা সেইসময়ৰ 'আজি' কাকতৰ সাংবাদিক প্ৰকাশ মহন্ত দেৱে মোক গহপুৰ পুথিঘৰত লগ পাই হঠাতে সংবাদ জগতলৈ আনিলে। সাংবাদিকতা এতিয়া মোৰ বাবে নিচাহে। *অসমৰ কোনখন বাতৰি কাকতত প্ৰথম বাৰৰ বাবে আপোনাৰ বাতৰি প্ৰকাশ হৈছিল ? =>তেজপুৰৰ পৰা প্ৰকাশিত 'মহাজাতি' কাকতত। অৱশ্যে ছয়দুৱাৰ কলেজত পঢ়ি থাকোতেই The Assam tribune কাকতৰ Sunday readingত মোৰ লেখা প্ৰকাশ পাইছিল। *সাংবাদিক সকল কেনে হোৱা উচিত বুলি ভাৱে ? => সাংবাদিক সকল নির্ভীক, নিৰপেক্ষ, আপোচহীন, অধ্যয়নশীল, যুক্তিবাদী, সূক্ষ্ম বিশ্লেষনকাৰী আৰু অনুসন্ধিত্সু মনৰ অধিকাৰী হ'ব লাগে। *দূখৰ চকুলো আৰু সুখৰ হাঁহিৰ সম্পর্কত আপোনাৰ ধাৰনা? => দূখ সুখ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি । মোৰ মতে যাৰ জীৱনৰ দূখ নাই তেওঁ সুখ কি উপলব্ধি কৰিব নোৱাৰে। *আপুনি জীয়াই থকাৰ স্বার্থ ? =>সমাজৰ বাবে ভাল কিবা এটা কৰা আৰু কাৰোবাক জীয়াই ৰখাৰ স্বার্থতেই জীয়াই থাকিব বিচাৰো। *জীৱনৰ সুখ ক্ষন্তেকীয়া। আপুনি কি কয় ? => জীৱনত কোনো বস্তুৰ স্হায়ীত্ব নাথাকে। কিন্তু জীৱনৰ সুখ ক্ষন্তেকীয়া বুলি নাভাবো। এগৰাকী মানুহৰ কর্মৰ ওপৰত নির্ভৰ কৰে সুখ দূখৰ স্হায়ীত্ব। *জীৱনৰ এটি স্মৰণীয় ঘটনা ? => ২০০২-০৩ বর্ষৰ ঘটনা। গহপুৰৰ দক্ষিণাঞ্চলৰ বানাক্ৰান্ত এলেকা সমুহ পৰিভ্ৰমণ কৰিবলৈ যাওঁতে সন্ধ্যা সন্মুখীন হৈছিলো এক অনাকাংক্ষিত ভয়াবহ পৰিস্হিতিৰ। গহপুৰৰ সাংবাদিক নগেন কোঞৰ, মমিন কুমাৰ দাস আৰু মই একাংশ লোকৰ লগত দিনটো দুখন টুলুঙা নাঁৱত লোহিতমুখ, ৰাওনামুখ আৰু পিছলা সোঁৱনশিৰি গাঁও পঞ্চায়তৰ বানাক্ৰান্ত এলেকা সমূহ পৰিভ্ৰমণ কৰি বাতৰি সংগ্ৰহ কৰাৰ লগতে ৰাইজৰ দূখ দুর্গতিৰ বুজ ললো। সন্ধ্যা ৬ মান বজাত নগেন খুড়া , মই আৰু মমিনে সেই সময়ৰ অগপৰ জিলা সম্পাদক ৰামনাৰায়ণ পাটগিৰি লগতে প্ৰায় ১৫জন মান লোক ৰাওনামুখ উপ-স্বাস্হ্যকেন্দ্ৰৰ সন্মুখেদি এখন টুলুঙা নাঁৱেৰে আন্ধাৰত আহি থাকোতে এখন বাঁহবাৰীত নাঁওখন লাগি ধৰে। মমিন আৰু মই পানীত পৰি মৰাৰ ভয়ত চিঞৰ বাখৰ কৰি ভূঞা উপাধীৰ এগৰাকী শিক্ষকক উধাই মুধাই গালি পাৰো। পিছত অগপৰ সম্পাদক গৰাকীয়ে নিজেই পানীত নামি নাওঁখন টানি টানি ৰজাবাৰী সমীপৰ বেলগুৰিত পোৱাইহি। আমি নিশা ১০মান বজাতহে ঘৰ পাওঁহি। সেই দিনটো আছিল মোৰ সাংবাদিক জীৱনৰ এক স্মৰণীয় ঘটনা। *আপোনাক কিহে নিৰাশা কৰে ? => নিষ্ঠা আৰু সততাৰে সমাজৰ কাম কৰিবলৈ যাওঁতে একাংশ ঠেক মনৰ স্বার্থন্বেষী লোকৰ বাধাৰ সন্মুখীন হ'লে... *চকুপানী বাদ দি জীৱন সম্ভৱ নে ? => অসম্ভৱ। *আজৰি সময়ত কি কৰি ভাল পায়? => গান শুনি , কিতাপ পঢ়ি, আৰু বন্ধুবর্গৰ লগত কথা পাতি ভাল পাওঁ। *আপোনাৰ ৰাজনৈতিক উচ্চ আকাংক্ষা আছে নেকি? => আজি তাৰিখলৈকে নাই। *ভূৱন শইকীয়াৰ পৰিচয় কেনে হোৱাটো বিচাৰে ? =>সমাজৰ এজন ভাল মানুহ হিচাপে। *লাইভ গহপুৰৰ এজন প্ৰশাসক হিচাপে আপোনাৰ মতামত? => বিগত বর্ষ অর্থাত্ ২০১২ বর্ষৰ ১৫ আগষ্ট তাৰিখে গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ অম্লানজ্যোতি শইকীয়াই লাইভ গহপুৰৰ জন্ম দিয়ে। লাইভ গহপুৰে বর্তমান গহপুৰৰ একমাত্ৰ সংবাদ সেৱা হিচাপে জনপ্ৰিয়তা লাভ কৰিছে। লাইভ গহপুৰৰ যোগেদি জনসাধাৰণে অতি শুনকালেই গহপুৰৰ বিভিন্ন বা-বাতৰি লাভ কৰে। জনাবলৈ পাই সুখী হৈছো যে বর্তমান লাইভ গহপুৰত ৩৭০০তকৈও অধিক সদস্য সদস্যা অর্ন্তভুক্ত হৈ আছে। যোৱা ১৬ আগষ্ট তাৰিখে লাইভ গহপুৰে গৌৰৱেৰে এটা বর্ষ অতিক্ৰম কৰাৰ উপলক্ষে বিভিন্ন কার্যসূচীৰে বর্ষপূতি অনুষ্ঠানৰ আয়োজন কৰিলে। লাইভ গহপুৰ ফেচবুকৰ ইতিবাচক দিশ। লাইভ গহপুৰে ভাতৃত্ববোধ তথা বন্ধুত্বৰ এনাজৰীডাল কটকটীয়া কৰাৰ উপৰিও বিভিন্ন বিষয়ত ইতিবাচক জনমত গঢ়াত গুৰত্বপূর্ণ ভুমিকা পালন কৰিছে। লাইভ গহপুৰৰ এজন প্ৰশাসক হৈ মই গৌৰৱ অনুভৱ কৰো। (যুগুতালে : লাইভ গহপুৰৰ লগত বিশেষভাৱে জড়িত তথা শুভাকাংক্ষী গহপুৰৰ যুৱক শ্ৰীযুত দাদুল ভূঞাদেৱে)