Snack's 1967
Assam E-News Network (ænn)

মুখ্য পৃষ্ঠা

সাক্ষাৎকাৰ

¤ উদীয়মান কন্ঠশিল্পী নিপু বৰাৰ সৈতে অম্লানজ্যোতি শইকীয়াৰ সাক্ষাত্‍কাৰ:

¤আপোনাৰ চমু পৰিচয় ?
=নমস্কাৰ। মই নিপু বৰা । মোৰ ঘৰ গহপুৰ সোনালীবড়ি গাঁৱত। ¤আপুনি বর্তমান কি অধ্যয়ন কৰি আছে?
=বর্তমান মই গ্ৰেজুৱেচন সম্পূর্ণ কৰিলো।
¤ভৱিষ্যত্ পৰিকল্পনা ? =মই এটা নতুন বিহুগান কৰি আছো । আৰু এটা গানৰ ভি.ডি.অ ৰ কাম হাতত ল'ম। বর্তমান সংগীত জগত খনৰ যিহে দুৰৱস্হা হৈছে তাতকৈ বেছি পৰিকল্পনা কৰিব নোৱাৰি।
¤আপুনি কিয় সংগীতক পেছা হিচাপে বাছি ল'লে?
=নাই । সংগীত মোৰ পেছা নহয়।সংগীত মোৰ নিছা য'ত পেছা নিজাববীয়াকৈ জড়িত।
¤প্ৰিয় কন্ঠশিল্পী?
=জুবিন দা... কিন্তু আন বহু ন-পুৰণি শিল্পীক ভাল লাগে । সকলোৰে নাম ল'ব পৰা নাযাব এতিয়া।
¤আপোনাৰ জীৱনৰ স্মৰনীয় মূহুর্ত ?
=বিবেক শ্যাম ছাৰ আৰু লগৰ কেইজনে দিয়া অনুপ্ৰেৰনা মোৰ জীৱনৰ স্মৰনীয় মূহুর্ত।
¤পাইৰেচী সম্পর্কে আপুনি কি ক'ব ?
=পাইৰেচী এক জঘন্য অপৰাধ। পাইৰেচীৰ বাবে এদিন হয়তো মানুহে অসমীয়া গান শুনাৰ পৰা বঞ্ছিত হ'ব লাগিব। কাৰন আজিকালি গান বা এলবাম এখন কৰিবলৈ প্ৰযোজক কমি গৈছে আৰু নকৰা হৈছে।
¤আপোনাৰ সংগীতৰ যাত্ৰাত কাৰ কাৰ অৱদান আছে ?
=অৱদান বুলি কলে মই মোৰ মা দেউতা আৰু গাঁৱৰ মানুহসকলক সদায় মনত ৰাখিম।
¤আপোনাৰ প্ৰথম মিউজিক এলবাম ' আবেগ'ৰ বিষয়ে কি ক'ব?
='আৱেগ' মোৰ জীৱনৰ প্ৰথম এলবাম আৰু এইখন এলবামৰ যোগেদি মই অসমৰ ৰাইজৰ ওচৰত চিনাকী দিব পাৰিছো। আৱেগৰ তিনিটামান গান বেছি জনপ্ৰিয়তা অর্জন কৰিছে।
¤সংগীতৰ যাত্ৰাত আপোনাৰ অনুপ্ৰেৰনা কোন ?
= মোৰ পৰিয়াল তথা বন্ধু বান্ধৱৰ পৰা অনুপ্ৰেৰনা পাইছো।
¤বর্তমান আপুনি কিহত ব্যস্ত ?
=বিশিষ্ট কন্ঠশিল্পী অনুপম শইকীয়াৰ গামোছাত মই এটি গান লিখিছো আৰু পৰিৱেশন কৰিছো।
¤সংবাদ মাধ্যম হিচাপে লাইভ গহপুৰ কিমান দূৰ সফল হৈছে বুলি ভাবে ?
=ITS A GREAT GROUP....মই লাইভ গহপুৰকে আদি কৰি ২৫টা মান গ্ৰুপৰ সদস্য কিন্তু এই গ্ৰুপটোকে আটাইতকৈ SUCCESSFULL GROUP বুলি ভাবো। লাইভ গহপুৰ দীর্ঘজীৱি হওঁক.....

(যুগুতালেঃ অম্লানজ্যোতি শইকীয়াই)

Back to posts
Comments:

Post a comment