XtGem Forum catalog
Assam E-News Network (ænn)

মুখ্য পৃষ্ঠা

সাক্ষাৎকাৰ

* দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়নৰতঃ গহপুৰৰ ছাত্ৰ পার্থ প্ৰতীম বৰাৰ সৈতে অম্লানজ্যোতি শইকীয়াৰ সাক্ষাত্‍কাৰৰ দ্বিতীয় খণ্ড :

আপোনালোকৰ প্ৰশ্ন - পার্থ প্ৰতীম বৰাৰ উত্তৰ:-


*আমাৰ বর্তমানৰ ছাত্ৰ ছাত্ৰী সকল ফেচবুকৰ প্ৰতি বেছি আগ্ৰহী। ই আমাৰ কাৰণে ইতিবাচক দিশ নে নেতিবাচক দিশ? (প্ৰশ্নকর্তা: গৌৰী শংকৰ বৰা)
=ফেচবুকৰ ইতিবাচক/নেতিবাচক দিশ: পৃথিৱীৰ সকলো ব্যৱহার্য বস্তুকে ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশতে ব্যৱহাৰ কৰিব পাৰি। সকলো নির্ভৰ কৰে ব্যৱহাৰকাৰীজনৰ মানসিকতাৰ ওপৰত। ফেচবুকে বিগত কেইবছৰ মানৰ ভিতৰতে সমগ্ৰ বিশ্বতে যুগান্তকাৰী পৰিৱর্তনৰ সূচনা কৰিছে। বর্তমান বিভিন্ন জনে ফেচবুক বর্জন কৰাৰ হুংকাৰ দিলেও নিঃসন্দেহে কব পাৰি যে ফেচবুক বর্তমান যুগৰ সকলোতকৈ দ্ৰুত,কম খৰছী যোগাযোগৰ শক্তিশীল মাধ্যম। বিভিন্ন জনে ফেচবুকক অপব্যৱহাৰ কৰি বিভিন্ন অপৰাধমূলক কার্য্য সংঘটিত কৰাৰ কথাটো আমি আলোচনাৰ পৰা বাদ দিব নোৱাৰো। তথাপি আজি আপোনাৰ আৰু মোৰ মাজত শ শ মাইল দূৰৰ পৰা মত বিনিময় ইমান সুন্দৰকৈ ফেচবুকৰ কাৰণে সম্ভৱ হোৱা নাই জানো? গতিকে মই ব্যক্তিগতভাৱে ফেচবুকৰ ইতিবাচক দিশটোৰ কথাহে অধিক সমর্থন কৰো।
* ফেচবুক ব্যৱহাৰকাৰীৰ নুন্যতম বয়স থকাটো দৰকাৰ নে ? (প্ৰশ্নকর্তা : ৰক্তিম ফুকন)
=এজন মানুহ বয়সীয়াল হল বুলিয়ে যে তেওঁ সত্ অথবা সম্পূর্ণ পৰিপক্ক হব লাগিব, তেনে কিবা নিয়ম আছে জানো? এটা কথা সচাঁ যে ১০,২০ আৰু ৩০, ৬০ এই চাৰিটা বয়সৰ চাৰিজন মানুহৰ মনৰ সুস্হিৰতা, চিন্তা ধাৰা ভিন্ন হব। পিছে ফেচবুকত আমি একাউন্ট এটা খুলিবলৈ প্ৰথমে আমাক এটা ভেলিদ ই-মেইল (valid e-mail id)ৰ প্ৰয়োজন । ID এটা খুলিবলৈ আপোনাক date of birthৰ প্ৰয়োজন। তাৰ অর্থ কি ? তেওঁলোকে বয়সৰ কথাটো বিবেচনা কৰি চাইছে। পিছে পঞ্চম শ্ৰেনীৰ ছাত্ৰ এজনে যদি স্কুলৰ প্ৰজেক্ট এটা বনাবলৈ data mailৰে আদান প্ৰদান কৰিব লগা হয় তেওঁ জানো ভূল কৰা হ'ব ? তেওঁ IDটো খুলোতে বয়স ফাঁকি দিবই লাগিব। ফেচবুক খুলিলেও তেওঁ বিভিন্ন পজিটিভ ব্যৱহাৰ কৰিব পাৰে গতিকে মই বয়সৰ সীমাবদ্ধতা সমর্থন নকৰো কিন্তু প্ৰতিজন কম বয়সীয়া শিশুয়ে ইন্টাৰনেটক কি ভাবে ব্যৱহাৰ কৰিছে সেইটো আমি প্ৰতিজন অভিভাৱকে নজৰ ৰাখি তেওঁলোকৰ ভূলখিনি শুধৰাই দিয়াটো সমর্থন কৰো।
* দিল্লী আৰু অসমৰ শিক্ষা ব্যৱস্হাৰ পার্থক্য কি? (প্ৰশ্নকর্তাঃ ছাদ্দাম হুছেইন)
=দিল্লী আৰু অসমৰ শিক্ষাৰ মূল পার্থক্য মই মূলতে শৈক্ষিক বাতাবৰণ বুলি ক'ম। আপুনি দিল্লী বিশ্ববিদ্যালয়, JNUৰ যিকোনো এটা পুথিভৰাঁলত যিকোনো সময়ত যাওঁক, প্ৰতিখন কলেজৰ বাগিছাত পাক এটা মাৰক, কেন্টিনত সুমাওক তেতিয়া কথাটো উপলব্ধি কৰিব পাৰিব। আমাৰ অসমত পান দোকানত অংকৰ ফর্মুলা, বাইক ষ্টেন্দত মেনেজমেন্টৰ থিয়ৰীৰ চর্চা খুব বিৰল ঘটনা। সা-সুবিধা তথা আন্তঃগাথনিৰ ফালৰ পৰা কিছু পিছ পৰা হ'লেও অসমত যিখিনি সুবিধা আছে সেইখিনিৰে পৰিৱেশ গঢ়ি উঠিবৰ কাৰণে যথেষ্ট। এই ক্ষেত্ৰত বিহাৰৰ কথা আদর্শনীয়। দিল্লীত গুৰু আৰু শিষ্যৰ সম্পর্কত মাজত বিশেষ কোনো প্ৰাচীৰ নাথাকে যাৰ কাৰনে যিকোনো স্হানত শিক্ষক সকলক যিকোনো কথা সুধিব পাৰি। আমাৰ অসমত ছাত্ৰ সকল নে গুৰু সকলৰ কাৰণে এই কথাটো হয় উঠা নাই মই নাজানো। মই ইয়াৰ দ্বাৰা এইটো বুজাব খোজা নাই যে দিল্লীৰ ছাত্ৰ সকলে একো বেয়া কামত জড়িত নাথাকে পিছে তেওঁলোক প্ৰত্যেকে নিজৰ পঢ়া, কেৰিয়াৰক লৈ সচেতন। অসমৰ ছাত্ৰ সকলৰ দৰে তেওঁলোকৰো হাতৰ মুঠিত ইন্টাৰনেট থাকে কিন্তূ পার্থক্য ইয়াতে যে তেওঁলোকে সেই ইন্টাৰনেটেৰে যিকোনো চাকৰি, কর্ছৰ খবৰ প্ৰতি মূহুর্তত ৰাখে তাৰ পাছতহে আন কিবা আনন্দ লয়। অসমৰ বেছিভাগ ছাত্ৰৰ ক্ষেত্ৰত কথাটো ওলোটা কিজানি। সহপাঠী সকল যথেষ্ট উত্সাহী। মই অসমৰ পৰা B.COM পাছ কৰি যিমানখিনি কথা পাঠ্যপুথিত পালো তাতোতকৈ দিল্লী বিশ্ববিদ্যালয়ৰ B.COM কৰা ছাত্ৰ এজনে বহুত বেছি পায়। অর্থাত্ couse contentত এটা gape আছে। এই সকলোবোৰ কাৰনতে কিজানি আজিও দিল্লীক কেৱল ৰাজনৈতিক ৰাজধানীয়ে নহয় শৈক্ষিক ৰাজধানী বুলিও কোৱা হয়।
¤ সংবাদ মাধ্যম হিচাপে লাইভ গহপুৰ কিমান দূৰ সফল হৈছে ?
=> লাইভ গহপুৰ ইন্টাৰনেট অথবা চচিয়েল নেটৱর্কিং ছাইটৰ ইতিবাচক প্ৰভাৱৰ এটি উত্কৃষ্ট উদাহৰণ বুলি মই ভাবো। দুজনমান অতি কম বয়সীয়া ছাত্ৰৰ অতি সুন্দৰ চিন্তাৰ বর্হিপ্ৰকাশ লাইভ গহপুৰ। প্ৰথম বর্ষপূর্তি উদযাপনৰ পিছৰে পৰা এই মঞ্চখনে যথেষ্ট গতি লাভ কৰাপৰিলক্ষিত হৈছে। গহপুৰ তথা আন ঠাই সমুহৰ বিভিন্নজনৰ সহযোগিতাত এয়া সম্ভৱ হৈছে। মোৰ সহায় আৰু শুভেচ্ছা সদায়থাকিব লাইভ গহপুৰৰ লগত। আশাকৰোঁ সৰু বৰ সকলোকে একেদাল জৰীৰে বান্ধি লাইভ গহপুৰে নতুন দিগন্তৰ সূচনা কৰক।
এটা অনুষ্ঠান সুচাৰু ৰুপে চলাৰ মূলতে অনুষ্ঠানটোৰ পৰিচালক সকল (management) মোৰ অনুৰোধ এই যে ইমান কম দিনতে ইমান সুন্দৰকৈ গঢ়ি উঠা অনলাইন ফেচবুক গোটটোৰ প্ৰশাসক(administrato­r) সকল প্ৰতি­ মূহুর্ততে সজাগ হোৱাটো দৰকাৰ। সুবিবেচনাৰেযিকোনো সিদ্ধান্ত লোৱাটো উচিত। মূল উদ্দেশ্যৰ পৰা আঁতৰি যোৱা অথবা বিপথে পৰিচালিত কৰিব খোজা যিকোনো ব্যক্তিৰ বিৰুদ্ধে কঠোৰ হলে আৰু বহু আগুৱাই যাব আমাৰ লাইভ গহপুৰ। দিনে দিনেআৰম্ভ হোৱা নিয়মীয়া শিতানসমুহে অধিক জীপাল কৰি তুলিছে লাইভ গহপুৰক ।

Back to posts
Comments:
[07/06/18] Rohis Uddin Sheikh:

আপোনাৰ কথাখিনি পঢ়ি বাস্তৱৰ লগত মিলাই চালে হুবহু মিলি যায়।
বহুত ভাল লিখিছা দে।।।


Post a comment