Teya Salat
Assam E-News Network (ænn)

মুখ্য পৃষ্ঠা

সাক্ষাৎকাৰ

*দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়নৰতঃ গহপুৰৰ ছাত্ৰ পার্থ প্ৰতিম বৰাৰ সৈতে অম্লানজ্যোতি শইকীয়াৰ সাক্ষাত্কাৰৰ প্ৰথম খণ্ড :

১)আপোনাৰ চমু চিনাকী?
=>নমস্কাৰ, মই পার্থ প্ৰতীমবৰা। জন্মসূত্ৰে মোৰ ঘৰ গহপুৰৰ মধ্য চত্ৰংত যদিও বর্তমান মই নতুন দিল্লীৰ বাসিন্দা।মোৰ দেউতা বৃত্তিত ব্যৱসায়ী আৰু মা শিক্ষয়ত্ৰী। মোৰ একমাত্ৰ ভাতৃ বর্তমান গুৱাহাটী কর্মাছ কলেজৰ ছাত্ৰ।
(২) আপুনি বর্তমান কি অধ্যয়ন কৰি আছে ?
=>মই বর্তমান দিল্লী বিশ্ববিদ্যালয়ত HUMAN RESOURCES DEVELOPMENT আৰু MARKETING MANAGEMENTএই বিষয় দুটা মূখ্য বিষয় হিচাপে লৈ স্নাতক (master ofcommerce) বিভাগত অধ্যয়ন কৰি আছো। মই গহপুৰ আদর্শ শিশু বিদ্যালয় আৰু গহপুৰ হাইস্কুলৰ পৰা স্কুলীয়া জীৱনৰ দেওনা অতিক্ৰম কৰি গুৱাহাটী কমার্ছ কলেজত কলেজীয়া জীৱন সম্পুর্ণ কৰো।
(৩) আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰী সকলৰ ভিতৰত বেছিভাগেই বানিজ্য বিভাগটোত অধ্যয়ন নকৰে। ইয়াৰ কাৰন কি বুলি ভাবে ?
=>সুন্দৰ প্ৰশ্ন। এইটো সমস্যাৰ মই মূল কাৰণ অগ্য়তাবুলি ভাবো। কলা বা বিগ্য়ান শাখাৰ তুলনাত বানিজ্য শাখাৰ বিষয়ে আমাৰ ৰাইজে কিছু কম পৰিমানে অৱগত। স্কুলীয়া পাঠ্যক্ৰমতো বানিজ্য শাখাৰ বিশেষ একো ধাৰনা দেখা পোৱা নাযায়। গতিকে বেছিভাগে বানিজ্য শাখাৰ ওপৰত কিছুমান ভ্ৰান্ত ধাৰনা মনত লৈ ফুৰে।গুৱাহাটী বা আন নগৰৰ তুলনাতআমাৰ গহপুৰৰ দৰে সৰু সৰু উন্নয়নশীল ঠাই সমূহত এনে ভূল ধাৰনা অধিক হোৱাটো দুর্ভাগ্যজনক বুলি মই ভাবো। এই ক্ষেত্ৰত কিন্তু মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকল বিশেষ ভাবে ব্যতিক্ৰম।
(৪)আপুনি বানিজ্য বিষয়টো বাছি লোৱাৰ কাৰণ ?
=>মই বানিজ্য বিভাগত নামভর্তি কৰাৰ মূল কাৰন আছিল বানিজ্য বিভাগৰ বিষয়বোৰৰ প্ৰতি মোৰ আগ্ৰহ আৰু উত্সুকতা। বিগ্য় জনৰ মুখত অথবা কাকত আলোচনীৰ পাতত বানিজ্য বিভাগৰ বিষয় সমূহৰ বিষয়ে কিছু তথ্য লাভ কৰি অধিক আগ্ৰহী হৈছিলো। বিশেষকৈ পৰিচালনা (মেনেজমেন্ট) বিষয়ক কথাবোৰ।আন এক কাৰন আছিল সৰুৰে পৰা গুৱাহাটী কমার্চ কলেজৰ সমুখেৰে পাৰ হওঁতে কলেজখন দেখি অথবা কলেজখনৰ গুণ গৰিমা বিভিন্ন সূত্ৰত জানিব পাৰি তাত নিজে পঢ়াৰ পণ কৰিছিলো। মোৰ অভিভাৱক তথা শুভাকাংক্ষী সকলৰো পুর্ণ সমর্থণ দি মোৰ খোজ GCCৰ বুকুত পেলোৱাত সহায় কৰিছিল।
(৫)ছাত্ৰজীৱনৰ কর্তব্য কি হোৱা উচিত বুলি আপুনি ভাবে?
=> কেৱল চকু কাণ মুদি কিতাপআগত লৈ মার্কশ্বিটত নম্বৰ গোটোৱা ছাত্ৰৰ কর্তব্য বুলি মই নাভাবো। প্ৰতিজন ছাত্ৰৰে সমাজৰ প্ৰতি, পৰিয়ালৰ প্ৰতি কিছুমান দায়বদ্ধতা থাকে। পঢ়াশুনা দিশটো সুন্দৰকৈ চম্ভালি তেওঁলোকে নিজা নিজা আগ্ৰহ অনুযায়ী কিছুমান কামত নিজক আত্মনিয়োগ কৰা উচিত। যেনে: ছবি অঁকা, লিখা মেলা, গান গোৱা নাটক কৰা, খেলা-ধুলা। বাহিৰা কাকত আলোচনী পঢ়ি নিজকে আপডেট কৰি ৰখাটো আজিৰযুগত নিতান্তই প্ৰয়োজনীয়। কোনোজনে যদি সেইবোৰ একো নকৰি ঘৰত শুইয়ো থাকে তেনেহ'লে মই তেওঁক ভাল বুলি ক'ম। কাৰন তেওঁ বিনা কামত সন্ধিয়া ওলাই গৈ নিজৰ লগতে আন দুজনৰ সময় নষ্ট কৰা নাই।অনুজ সকললৈ মোৰ এটাই বিনম্ৰঅনুৰোধ যে তোমালোকে মার্কশ্বিটৰ মার্কছতকৈ যি কোনো বিষয়ৰ কনচেপ্টত অধিক গুৰুত্ব দিবা। তেতিয়া মার্কছো পাবা আৰু ভৱিষ্যতে ক'তো উজুতি নুখোৱা।
(৬)আমাৰ সমাজৰ কিছুমান লোকেকয় যে বানিজ্য বিভাগটো আলু পিয়াজৰ বেপাৰ কৰিবৰ কাৰণে পঢ়া হয়। মই এই প্ৰশ্নটো আপোনাক এইটো কাৰনেই কৰিলো যে মইও উচ্চতৰ মাধ্যমিক শাখাৰ বানিজ্য বিভাগৰ প্ৰথম বর্ষৰ ছাত্ৰ আৰু আমাৰলগৰ এজনে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত বানিজ্য শাখাত নামভর্তি কৰিম বুলি মনস্হ কৰাৰ পিছতোপিছত কোনোবা লোকৰ কথা শুনি কলা শাখাত নামভর্তি কৰিলে। ইয়াৰ ওপৰত আপোনাৰ মন্তব্য কি হ'ব ?
=>এইটো অতি দুভার্গ্যজনক কথা। ইয়াৰ ভুক্তভোগী তোমালোক কোন কেনেদৰে হৈছা নাজানো কিন্তু মই HS 1st yearত বানিজ্য শাখাত নামভর্তি কৰিব ওলোৱাৰ সময়ত বহুজনৰ পৰা এনে কিছুমান তুলুঙা মন্তব্য শুনিছিলো। পিছে মোৰ অভিগ্য়তাৰ দৃঢ়তা আৰু বাকী শুভাকাংক্ষী সকলৰ মৰম আর্শীবাদত মই ইচ্ছামতে নামভর্তি কৰিব পাৰিছিলো। তেনে মন্তব্য কৰা সকললৈ মোৰসচাঁ অর্থত পুতৌ জন্মে। তেওঁলোকে কিহৰ ওপৰত ভিত্তি কৰি তেনে মন্তব্য কৰে ভাবি আচৰিত হওঁ। আলু পিয়াজ বিক্ৰি কৰা বিত্তিটোও এটা অতি সত্ তথা এৰিব নোৱাৰা বৃত্তি। তেওঁলোকে নিজৰ মন্তব্যৰ দৰে ব্যঙ্গ বিভাগটোৰ লগতে বৃত্তি এটাকো উপলোঙা কৰিছে। তেওঁলোকে কমার্চ, ট্ৰেড আৰুবিজিনেছ শব্দবোৰৰ পার্থক্যউপলব্ধিকৰিব পৰা নাই কিজানি। মই কলা বা বিগ্য়ান শাখাকো অতি সন্মান জনাই কব খোজো যে....অসমৰ বাহিৰৰ বিশ্ববিদ্যালয় সমুহত কমার্চত কাট অফ মার্কছ সদায়উপৰত যায় কিয়? ইঞ্জিনিয়াৰিঙ পাছ কৰা অতি মেধাবী ছাত্ৰ এজনে MBA কৰিবলৈ ঢাপলি মেলে কিয় ? এজন Chartered accountant (CA), Company secretary (CS), cost accountant (icwa), managerৰ দৰমহা অথবা ষ্টেটাচ এজন চিকিত্সক, ইঞ্জিনিয়াৰতকৈ কম নেকি? উত্তৰবোৰ আপোনালোকে নিজে ভাবক। সন্মানীয় অভিভাৱক সকল, আপোনালোকে সন্তানৰ আগ্ৰহক গুৰুত্ব দিহে সিদ্ধান্ত লওঁক। দৰকাৰ হলে শিক্ষক অথবা আন বিগ্য় জনৰ লগত হাজাৰবাৰ আলোচনা কৰক।
(৭)আপোনাৰ ভৱিষ্যত্ পৰিকল্পনা ?
=>মোৰ ভৱিষ্যত পৰিকল্পনা বহুখিনিয়ে আছে। কিমান দুৰ সফল হ'ব পাৰো সময়েহে ক'ব। মূল পৰিকল্পনাৰ ভিতৰত কিছুমান এনে কাম কৰাৰ আঁচনিআছে যিবোৰে নিজৰ লগতে আন দহজনৰ উপকাৰ সাধে। সৃষ্টিশীল কাম কৰাটো মোৰ এটা নিচা। ভৱিষ্যতে কৰি যামবুলি আশাবাদী। আপোনালোকৰ মৰম,আর্শীবাদ,দিহা পৰামর্শ পালে গহপুৰ অসম তথা সমগ্ৰ পৃথিৱীৰে উজ্বল নক্ষত্ৰ হোৱাৰ সপোন এটাও দেখো।
(৮) গহপুৰখন কি দিশত পিছপৰি আছে বুলি আপুনি ভাবে ?
=> গহপুৰত ইতিবাচক চিন্তা কৰাৰ ব্যক্তি বহু কেইজন আছে। কিন্তু সেই মতে গহপুৰখন যিমান আগুৱাব লাগিছিল সিমান পৰা নাই বুলিমই ভাবো। মাজে মাজে তেওঁলোকৰ মাজত বিভিন্ন কাৰনত সন্মিলিত প্ৰচেষ্টাৰঅভাৱ অনুভৱ কৰো। গহপুৰৰ ৰাজনৈতিক পৰিৱেশো বিশেষ সুস্হ বুলি মই নাভাবো। গহপুৰৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিভিন্ন খবৰবোৰ কিছু পলমকৈ পৰা যেন অনুভৱ হয়। লাইভ গহপুৰ অথবা আন চৰকাৰী বেচৰকাৰী অনুষ্ঠান সমুহে এই ক্ষেত্ৰত কিছুমান পদক্ষেপ লব পাৰে যেনে বিভিন্ন ছেমিনাৰ, কর্মশালা অনুষ্ঠিত কৰিব পাৰে। তথাপিও মই গহপুৰবাসীক লৈ যথেষ্ট আশাবাদী।

Back to posts
Comments:
[26/04/18] Largype:

Viagra Without Prescriptions <a href=http://cialibuy.com>cialis no prescription</a> Symptoms Of Amoxicillin Allergy

[09/08/18] Mattimi:

Levitra Zoll Finasteride En Ligne <a href=http://ciali5mg.com>online cialis</a> Online Pharmacys Generic Lasix No Prescription Cheap Generic Viagra Online Reviews


Post a comment