* জিন্তু গোঁহাইৰ সৈতে সাক্ষাত্কাৰ * আপোনাৰ চমু পৰিচয়... =পোন প্ৰথমেই লাইভ গহপুৰৰ সকলো সদস্যক নৱবর্ষ তথা ভোগালী বিহুৰ ওলগ যাচিছোঁ। লাইভ গহপুৰৰ মজিয়ালৈ আমন্ত্ৰণ জনোৱাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। =>চমু পৰিচয় বুলি ক'লে মই এজন সাধাৰণ ছাত্ৰ। মোৰ ঘৰ গহপুৰ ভোলাগুৰি গেটত। মা-দেউতা তথা দাদাৰ সৈতে ৪জন মানুহৰ এক খেতিয়ক পৰিয়ালৰ সন্তান। শেহতীয়া ভাৱে সকলোৰে আশীর্বাদত বহু ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পর্যায়ৰ বিতর্ক প্ৰতিযোগিতাত শ্ৰেষ্ঠ তার্কিকৰ সন্মান পাইছো আৰু আন্তঃৰাষ্ট্ৰীয় পর্যায়টো হোৱা বিতর্কটো মই অংশগ্ৰহণ কৰিছো। তর্ক যিহেতু মোৰ এটা নিচা সেয়েহে নিজকে কেতিয়াবা তার্কিক বুলিও কওঁ। * আপোনাৰ শিক্ষা জীৱনৰ বিষয়ে কিছু কথা আমাক জনাওঁক। = শিক্ষা বুলি ক'লে এতিয়া মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ 'Research scholar' আৰু Assamese journalismৰ ছাত্ৰ। এই যাত্ৰা মই শংকৰদেৱ শিশু বিদ্যালয়ৰ পৰা আৰম্ভ কৰিছিলো। তাৰ পিছত জ্যোতি আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক দীঘলীয়া পৰিক্ৰমাত চোকা নাছিলো, মধ্যমীয়া ছাত্ৰ আছিলো...ছয়দুৱাৰমহাবিদ্যালয়ৰ পৰা graduation 1st class distinction...M.A. Gauhati university with 1st class..distancearu open educationত অন্যান্য বিষয়ৰ অধ্যয়নো কৰি আছো। * পঢ়া শুনাৰ উপৰিও আপোনাৰ কি কি বিষয়ত ৰাপ আছে? = বিশেষভাৱে বিতর্ক আৰু speech মোৰ খুব প্ৰিয়। যিকোনা বিষয়ত যিকোনো সময়ত মই অকলেই তর্ক অনুশীলন কৰো। এতিয়া মনত পৰিলে হাঁহি উঠে মই কলেজলৈ চাইকেল লৈ গৈছিলো আৰু যাওঁতে কেতিয়াবা নিজেই কিবা কিবি কৈ যাওঁ। সেয়েহে লগৰ কিছুমানে অকলে কথা কৈ থকাৰ কাৰণে পাগল বুলিও কৈছিল। লিখা মেলা কৰি ভাল পাওঁ। বিভিন্ন সময়ত লিখামেলাবোৰ প্ৰকাশো হৈছে। 'certificate' বুলি মোৰ এটা কথাশিল্প দুবাৰ নিয়মীয়াকৈ প্ৰকাশ হৈছিল কলেজ আলোচনীত। NCC এটা চখ আছিল। কলেজত senior under officer আছিলো আৰু different camp কৰিছিলো। নাটক কৰিছিলো ছয়দুৱাৰ কলেজত আৰু শ্ৰেষ্ঠ অভিনেতা আছিলো। বিশ্ববিদ্যালয়ত best commedian আছিলো। বহু প্ৰতিযোগিতাত Recietation কৰিও পুৰস্কাৰ পাইছো। গান গাওঁ, বিহু খুব প্ৰিয়। আজৰি সময়ত হোষ্টেলত লগৰীয়া বিলাকৰ লগত ভলীবল আৰু বাস্কেটবল খেলো। এটা দূখ থাকি গ'ল যে বিহু নাচিলো লগতে ভাওঁনা আৰু ৰাসত কৃষ্ণ নচাৰ বাহিৰে বেলেগ একোৱো নাচিব নোৱাৰিলোঁ. * আপোনাৰ মতে জীৱনৰ সংজ্ঞা কি? = জীৱনটোৰ সম্পর্কত আচলতে বহু ভাল সংজ্ঞা আছে। আচলতে মই বেলেগকৈ সংজ্ঞা দাঙি ধৰিবৰ বাবে হয়টো যোগ্য নহয়। তথাপিও মোৰ ব্যক্তিগত অভিজ্ঞতাৰ ফালৰ পৰাই কম জীৱনটো এটা সংগ্ৰাম। আমি কষ্ট কৰিবই লাগিব। সুখ, দূখ, সফলতা আৰু বিফলতা এইবোৰ একো একোজাক বৰষুণ। আৰু মন স্হিৰ কৰি সমাজৰ কথা ভাবি যিয়ে কাম কৰে তেওঁৰ বাবে এটা ফৰকাল বতৰৰ ভৱিষ্যত নিশ্চয় আছে। এই সংগ্ৰামত সততা, বিশ্বাস আৰু নিস্হাক যদি কোনোবাই সম্পদ হিচাপে লৈছে তেওঁ লক্ষ্যত উপনীত হোৱাত দৰিদ্ৰতা কেতিয়াও বাধা হ'ব নোৱাৰে। * আপোনাৰ জীৱনৰ লক্ষ্য? = সময়ৰ লগে লগে লক্ষ্য সলনি হয়। লক্ষ্য বুলি ক'লেই সকলোৱে কেৱল মানুহ এজনৰ বৃত্তি কি হ'ব, কি চাকৰি কৰিব, সেইটোকেই বুজে। কিন্তু মই ভাবো সেইটো এটা অন্যান্য দিশ আৰু বৃত্তিগত জীৱনতকৈ বেলেগকৈ সমাজখনৰ কাৰণে কি কৰে সেইটোহে লক্ষ্য হোৱা উচিত। মোৰ লক্ষ্য মই এজন সবল আৰু সুস্হ নাগৰিক হ'ম। আৰু অন্যায়, দুর্নীতিৰ বিৰুদ্ধে মাত মাতিম। * আপুনি গহপুৰকলৈ গৌৰৱ কৰে নে ? গৌৰৱ কৰে যদি কিয় গৌৰৱ কৰে ? = নিশ্চয় কৰো। গুৱাহাটীত থাকো যদিওঁ গহপুৰত ঘৰ বুলি অতি গৌৰৱেৰে সকলোৰে আগত কওঁ। কাৰণ গহপুৰ মোৰ মাতৃভূমি। শোণিতপুৰ জিলাখন সংস্কৃতিপ্ৰধান জিলা বুলি কোৱা নামটোৰ পিছত গহপুৰবাসীৰ ভূমিকা সদায় অতুলনীয়। প্ৰথম অসমীয়া চিনেমা নির্মাণ হৈছিল মোৰ ঘৰৰ কাষতে। স্বাধীনতা আন্দোলনত কনকলতা, মুকুন্দ কাকতি আদিকে কৰি বিভিন্ন জনৰ কথা আমি ক'বই লাগিব। সাহিত্য, সংস্কৃতিত আগৰণুৱা বহু মানুহৰ জন্মস্হলী আমাৰ গহপুৰ। জাতিগত আৰূ ভাষাগত বিভিন্ন মানুহে গহপুৰত আন ঠাইৰ তুলনাত শান্তিপূর্ণ ভাৱে বসবাস কৰে। * গহপুৰ কি কি দিশত পিছপৰি আছে বুলি আপুনি ভাৱে? = ক'বলৈ অলপ সংকোচ ভাৱ আহে নিজৰ জন্মভূমিখন পিছপৰি আছে বুলি ক'বলৈ। প্ৰথমে গহপুৰৰ যি বুৰঞ্জী তাক আমি সঠিক ধৰণে উপস্হাপন তথা ভৱিষ্যতৰ বাবে সুৰক্ষিত কৰিবলৈ ব্যর্থ হৈছো। কাৰোবাৰ নামত এখন স্মৃতিসভা ৰাজনৈতিক উদ্দেশ্যত পাতি দিলেই দ্বায়িত্ব শেষ নহয়। পঢ়াৰ লগত অন্যান্য দিশৰ চর্চা কেন্দ্ৰৰ ব্যৱস্হা নাই। দুই এখন নৃত্য আৰু গীতৰ স্কুল আজিকালি হৈছে কিন্তু বাকী দিশ সমূহৰ চর্চাৰ বাবে সমূহীয়া ব্যৱস্হা নাই। Resource বহুত আছে কিন্তু proper industry এতিয়ালৈকে হোৱা নাই। গহপুৰৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু অন্যান্য মানুহৰ সাংস্কৃতিক ক্ষেত্ৰ সমুহলৈ Tourist spot হিচাপে উন্নীত কৰিব যায় যিয়ে হয়টো গহপুৰক অর্থনৈতিক ভাৱে সবল কৰিব, কিন্তু কৰা হোৱা নাই। * ''মার্কশ্বিটৰ নম্বৰেই জীৱনৰ সর্বস্ব''- আপোনাৰ মতামত.... = মার্কশ্বিটৰ নম্বৰ জীৱনৰ সকলো নহয় সেইটো সকলোৱেই স্বীকাৰ কৰিব। মার্কশ্বিটৰ নম্বৰে কেতিয়াও এজন মানুহৰ যোগ্যতা নিৰুপণ কৰিব নোৱাৰে। মানুহৰ মাজত লুকাই থকা সুপ্ত প্ৰতিভা বিকাশৰ বাবে মুকলি মনেৰে কাম কৰাটো খুবেই প্ৰয়োজন। কিন্তু নম্বৰ নহলেও নহব কাৰণ আজিৰ no centred career education ত আগুৱাই যাবৰ বাবে নম্বৰ লাগিবই। সেয়েহে সকলোৱে কষ্ট কৰি পঢ়িবই লাগিব। * উঠা অহা প্ৰজন্মক আপোনাৰ পৰামর্শ... = আচলতে মই নিজেই এতিয়া পৰামর্শ লওঁ। সেয়েহে উঠি অহা প্ৰজন্মক উপদেশ দিবলৈ যোৱাটো অলপ কঠিন। কিন্তু মোৰ অনুৰোধ তোমালোক সকলোৱে ভালকৈ কষ্ট কৰি পঢ়া। syllabusৰ লগতে যিমান পাৰি অন্যান্য দিশ সমুহ অধ্যয়ন কৰাৰ চেষ্টা কৰা। এটা সচেতন মনৰ অধিকাৰী হোৱা। জীৱনৰ সমাজৰ বাবে কিবা এটা কৰাৰ মন স্হিৰ কৰা। গহপুৰৰ মজিয়াত আমি যি শিক্ষক সকলক পাইছো বিদ্যালয়তে হওঁক বা কলেজতে হওঁক সচাঁকৈয়ে তেওঁলোকৰ সান্নিধ্য তোমালোকৰ জীৱন সমুহক এক অন্য গতি দিব। বাধা আহিলে কেতিয়াও হতাশ নহ'বা। নিজৰ ওপৰত বিশ্বাস ৰাখি আগুৱাই যোৱা। মোৰ শুভেচ্ছা সদায় তোমালোকৰ লগত আছে। (যুগুতালে অম্লানজ্যোতি শইকীয়াই)
bohut val lagil pohi..,.pisolo ane alusana aru pam buli asa thakil...